অন্যদিনাৰ দৰে
যেতিয়া শিলত
উজুটি খাই দুখ পালো,
তেতিয়াহে সম্বিত ঘোৰি আহিল।
হঠাং নাজানো কৰ পৰা
কজলা মেঘ
এডোখৰ আহি ধাৰাষাৰ
বৰষুন পেলাবলৈ ধৰিলে।
আজি ছাটিটোও আনিবলৈ পাহৰিলো।
বৰষুনৰ তিব্ৰতাত
সৰ্বশৰীৰ
পানীৰে চেপচেপীয়া হৈ
পৰিল।
কি কৰিম ভাবি নাপাই থাইতে ৰৈ দিলো।
এটা আচৰিত শিহৰন
অনুভৱ কৰিলো
দেহৰ অংগে অংগে
মনত পৰিল বহু বছৰ
এনেকৈ
বৰষুনত তিতি পোৱা
নায়।
মনটো উৰি গল শৈশৱৰ
দিনবোৰলৈ।
নিজকে নতুনকৈ
আবিষ্কাৰ কৰাৰ
এটা অনুভূতি মনত
জাগি উঠিল।
হেৰূৱা সপোনবোৰে কৰ
পৰা আহি জানো
মোক আগুৰি ধৰিলেহি।
এটা এটাকৈ হেৰাইযোৱা
স্মৃতিবোৰ
মনলৈ ঘুৰি আহিল।
এক অনাবিল আনন্দত
ৰাজপথৰ মাজেৰে
দৌৰিবলৈ আৰম্ভ কৰিলো
সৰু ল’ৰা এটাৰ দৰে
উদ্দেশ্য বিহীনভাৱে।