তামস আকাশত উত্সৱ
ভাঙি পৰে শব্দৰ তন্ময়
নিৰ্জনতাৰ মুক্ত ছায়া
আজি মোৰ টোপনি ভাগিল
দেহত এতিয়া মোৰ বসন্তৰ বতাহ
বুকু ভৰি থাকে সৰল হাঁহিৰে
নিজান সুৰটি সাৱটি
অসহায় চকুৰ আগত
উদগ্ৰ ধুমুহাৰ কোলাহল
তোমাৰ তেজৰ স্বাভাৱিক ৰং বুকুত থৈ
দুৰ হয় মোৰ শব্দবোৰৰ নিঃসংগতা
শব্দৰ আচঁলত লাগি থকা কৰুণতা
বিয়পি পৰে তেজৰ ভিতৰে-বাহিৰে
বিজুলীয়ে মোৰ প্ৰাণত ৰচে
সোনোৱালী যৌৱনৰ সপোন
কেতিয়াবা পাহৰনিৰত খন্তেক জিৰাইছো
ভালপোৱা জীৱনৰ অৰ্থ বিছাৰি
স্নিগ্ধ ফুলৰ সম্ভাৱনাৰ সপোনে অন্তৰ ভৰাই
কল্লোলিত সপোনৰ তৰংগই
মোক লৈ যায় গভীৰতালৈ
এটি অজ্ঞাত ভয়ত হৃদয়ৰ দিক্হাৰা
আকাশত এদিন বিজুলী জ্বলিব
নিস্তেজ মন তীব্ৰ হৈ উঠিব
ভাঙি পৰে শব্দৰ তন্ময়
নিৰ্জনতাৰ মুক্ত ছায়া
আজি মোৰ টোপনি ভাগিল
দেহত এতিয়া মোৰ বসন্তৰ বতাহ
বুকু ভৰি থাকে সৰল হাঁহিৰে
নিজান সুৰটি সাৱটি
অসহায় চকুৰ আগত
উদগ্ৰ ধুমুহাৰ কোলাহল
তোমাৰ তেজৰ স্বাভাৱিক ৰং বুকুত থৈ
দুৰ হয় মোৰ শব্দবোৰৰ নিঃসংগতা
শব্দৰ আচঁলত লাগি থকা কৰুণতা
বিয়পি পৰে তেজৰ ভিতৰে-বাহিৰে
বিজুলীয়ে মোৰ প্ৰাণত ৰচে
সোনোৱালী যৌৱনৰ সপোন
কেতিয়াবা পাহৰনিৰত খন্তেক জিৰাইছো
ভালপোৱা জীৱনৰ অৰ্থ বিছাৰি
স্নিগ্ধ ফুলৰ সম্ভাৱনাৰ সপোনে অন্তৰ ভৰাই
কল্লোলিত সপোনৰ তৰংগই
মোক লৈ যায় গভীৰতালৈ
এটি অজ্ঞাত ভয়ত হৃদয়ৰ দিক্হাৰা
আকাশত এদিন বিজুলী জ্বলিব
নিস্তেজ মন তীব্ৰ হৈ উঠিব