অশান্ত
মন মোৰ
প্ৰশান্ত
সাগৰত
লুইতৰ
বালিত জানো
কোনে
উচুপি থাকে
বঙ্গোপ সাগৰত
চলিচে নাওঁ মোৰ
পাল নাই
বঠা নাই
কলৈনো
যাওঁ ময়
হিমালয় পৰ্বতত কোনে বাঁহী বায়
তাৰবাবে
মৰুভূমিৰ
বালিত জানো কেলেইনো ধুমুহা বলে
ডাৱৰৰ
আৰে আৰে সূৰুযে কাক দেখি
মুখ লুকুৱাই তুমি জানানে
ৰাজপথত
উলাই দেখো মানুহৰ মিচিল
গতিপথ
কোন ফালে আছে তুমি কবানে
অৰণ্যৰ
উপৰেৰে উৰি যোৱা পক্ষীটো কোনে শৰ মাৰে
সেই
অৰ্জুনক তুমি জানানে।