অনুভুতিৰ সজীৱ স্পন্দন

মই প্ৰেমিক আজন্ম তোমাৰ প্ৰেমৰ
দেখা নাই কেতিয়াও তোমাৰ মায়াৱী ৰূপ।
ঘূৰিফুৰা মাথো আসেপাশে মোৰ
এটি চিনাকি সুৰ হৈ।
এক অচিন প্ৰান্তত উপনিত মোৰ জীৱন
বুজিওঁ নুবুজো এই প্ৰেমৰ মাদকতা।
অহৰহ খেলিছে প্ৰাণত
দি আছে আশা আগোৱাই যোৱাৰ
গতিশীল জীৱন পথত।
মুক্ত কন্ঠেৰে চিঞঁৰি চিঞঁৰি
ঘুৰি ফুৰিছো সীমাৰ প্ৰান্তে প্ৰান্তে তোমাৰ সন্ধানত।
হৃদয়ত জাগি উঠিছে
এটি অনুভৱ উত্তাল আকাংক্ষাৰ।
মুক্ত হৃদয়ত বাজি উঠিছে ক্ষনে ক্ষনে
তোমাৰেই অনুভুতিৰ সজীৱ স্পন্দন।