এটি ভ্ৰুন সঞ্জীৱনীৰ

মেঘাচন্ন আকাশ আৰু
চিপচিপিয়া বৰষুণ,
মাজনিশাৰ বতাহত সৰি পৰা পাতৰ শব্দ
নিতাল নিৰ্জন পৰিবেশত কপি উঠে বুকু,
সন্মিলিত এক অজান আবেগ ভৰা হৃদয়,
চিঙি চিঙি ভাঁহি অহা চিফুং বাঁহীৰ সুৰ
অনুভৱ এটি ক্ৰন্দনৰত নিশাৰ উচুপনি
উলাই আহিছে ক্ষনে ক্ষনে হিয়া বিদাৰি,
এটি শীতল আবেগ
শিহৰিত শৰীৰ আৰু
কপালত ফুটি উঠা এটি দুটি
ঘামৰ টোপাল,
বুকুত গজালি মেলা
এক অলিক স্বপ্নিল বাসনাৰ সুতীব্ৰ আকৰ্ষণে
প্ৰতিপল কৰি তুলে সতেজ সন্ত্ৰস্ত।
সেই আশ্বাসৰ স্তিমিত পোহৰত
জী উঠিল প্ৰাণত
এটি ভ্ৰুন সঞ্জীৱনীৰ