স্থবিৰ জেৰেঙা







এই সময় বোৱতী নৈ
জীৱন, এমুঠী জীয়া আবেগ

সময়ৰ সোঁত
ৰৈ যায় সপোন

যি সময় বোৱতী
তাক ধৰি ৰখাটো অলীক সপোন

হিয়াৰ পাৰ ভঙা বোৱতী নৈত
অসহায় তুমি

বুকুৰ ধপ ধপনি
এটি চেঁচা স্পৰ্শৰ  অস্থিৰ আস্ফালন

বতাহ চেঁচা স্পৰ্শ 
জীপাল পথাৰ হৈ পৰে 
এখনি স্থবিৰ জেৰেঙা