উপবিস্ত এক মূৰ্তি ৰত্ন শয্যাত
ৰক্ত বৰ্ণেৰে সূচিত সুশ্ৰী কলেৱৰ
আকাশ পাতাল যোৰি প্ৰকাশিত জ্যোতি
শংখ ঘন্টা ডবাৰে মুখৰিত পৰিবেশ
সময় স্থবিৰ এক নৈসৰ্গিক উপস্থিতি
নিনাদিত সুৰৰ ঝংকাৰত ত্ৰিভূৱন কঁপিছে
আৰাধানা দৈৱ সম সত্বা সুন্দৰৰ
বিগলিত সুৰভিত বিকশিত চৌদিশ
ৰজনী দৃশ্যমান জেউতিৰ উজ্বল বৰণ
মায়াময় সুবাসৰ বিস্তাৰিত মায়াজাল
স্বৰ্গীয় অনুভূতিৰ এক নিৰ্ম্মল আবেশ
ভাগ্য সুপ্ৰসন্ন প্ৰাণ আনন্দত আত্মহাৰা
বৈ যোৱা এক উত্তাল তৰংগৰ ঢৌ
সিঁচৰিত শৰীৰৰ প্ৰতিটো বিন্দুত
আত্মাৰ উপলব্দ্ধিত আকুল প্ৰাণ
এটি প্ৰেমময় অনুভূতিত
জীৱন সফলতাৰ আনন্দ সমাগত
সপোনৰ মায়াজালত আবদ্ধ প্ৰাণ।
ৰক্ত বৰ্ণেৰে সূচিত সুশ্ৰী কলেৱৰ
আকাশ পাতাল যোৰি প্ৰকাশিত জ্যোতি
শংখ ঘন্টা ডবাৰে মুখৰিত পৰিবেশ
সময় স্থবিৰ এক নৈসৰ্গিক উপস্থিতি
নিনাদিত সুৰৰ ঝংকাৰত ত্ৰিভূৱন কঁপিছে
আৰাধানা দৈৱ সম সত্বা সুন্দৰৰ
বিগলিত সুৰভিত বিকশিত চৌদিশ
ৰজনী দৃশ্যমান জেউতিৰ উজ্বল বৰণ
মায়াময় সুবাসৰ বিস্তাৰিত মায়াজাল
স্বৰ্গীয় অনুভূতিৰ এক নিৰ্ম্মল আবেশ
ভাগ্য সুপ্ৰসন্ন প্ৰাণ আনন্দত আত্মহাৰা
বৈ যোৱা এক উত্তাল তৰংগৰ ঢৌ
সিঁচৰিত শৰীৰৰ প্ৰতিটো বিন্দুত
আত্মাৰ উপলব্দ্ধিত আকুল প্ৰাণ
এটি প্ৰেমময় অনুভূতিত
জীৱন সফলতাৰ আনন্দ সমাগত
সপোনৰ মায়াজালত আবদ্ধ প্ৰাণ।