ৰাতিপোৱা সাৰ পাই বিচনাতে
বহি আছিলো
মনত কোনো ধৰনৰ ভাৱৰ প্ৰবাহ
নাছিল
অলস ভাবে বহি আছিলো
ই এটা প্ৰায় অভ্যাসত
পৰিনত হৈ পৰিছিল
উঠি আহিবলৈ মন যোৱা নাছিল
বিচনাৰ পৰা
গতানুগতিক জীৱনৰ এটা
সাধাৰন ৰাতিপোৱা
নিয়মৰ দৰেই হৈ পৰিছিল
অভ্যাসটো
কিছুমান শালিকাৰ চিঞঁৰ বাখৰ
খোলা খিৰিকি খনেৰে আহি
কাণত পৰিছিল
তথাপিও কোনো ধৰনৰ
ভাৱৰ খেলি মেলি অনুভৱ
নকৰিলো
এনেদৰেই যেন জীৱনটো শেষ
হৈ যাব ধৰিছে
উত্তেজনাহীন ভাবে
খিৰিকিয়েদি এমুকুৰা ৰ'দ
আহি
মোৰ বিচনাত পৰিল
হঠাত মনটো ফৰকাল হৈ পৰিল
গোটেই দেহত এক নতুন পুলকৰ
শিহৰন এটি বৈ গ'ল
কব নোৱাৰাকৈ উঠি গৈ
খিৰিকিৰে শালিকা কিটা
চাবলৈ বিচাৰিলো
কিন্তু নাই দেখা নাপালো
খাদ্যৰ সন্ধানত অন্য
ঠাইলৈ গুছি গৈছে
অলপ সময় খিৰিকিৰ কাষতে
ঠিয় হৈ ৰলো
বাহিৰৰ দৃশ্যবোৰ চাই
কিবা যেন এটি নতুনত্বৰ সুৰ
বৈ গল দেহৰ মাজেৰে
বুজিব নোৱাৰিলো কিয় এনে
হৈছে
বুজিবলৈ চেষ্টাও নকৰিলো
কব নোৱাৰাকৈ মুখত হাঁহি
এটি খেলি গ'ল
মূহুৰ্ততে মনৰ পৰা সকলো
ভাৱ আতৰাই
লৰা লৰিকৈ ৰাতিপোৱাৰ
কামখিনি শেষ কৰিলো
সদায় কামলৈ ওলোৱাৰ দৰে
দূৱাৰত তলা লগালো
তলা লগাই খোজ লওঁতেহে
মনত পৰিল দিনটো দেওঁবাৰ
তথাপি উলাই আহিলো ঘৰৰ পৰা
উদ্দেশ্য বিহীন ভাৱে
লাহে লাহে সদায় যোৱা
পথটিৰে খোজ ললো
হঠাৎ কাণত বাজিল ডবাৰ
শব্দ
ওচৰতে নামঘৰ এটা আছে বুলি
জানো
তাতে নামপ্ৰসংগ চলিছে যেন
লাগিল
কোনোদিন যোৱা নাছিলো তালৈ
আজি কিয় জানো ডবাৰ শব্দই
মনটো সেই ফাললৈ টানি লৈ গ'ল
লাহে লাহে খোজ ললো নামঘৰলৈ
ডবাৰ শব্দত মনটো
এক গভীৰ শান্তিৰ
অনুভূতিৰে ভৰি পৰিছিল
হঠাতে সৰুকালৰ কথা এটা
মানস পটত জিলিকি উঠিল
দেউতাই মোক প্ৰথমবাৰ
নামঘৰলৈ লৈ যোৱা দিনটোৰ
কথা
মনৰ মাজত এক মিশ্ৰিত
পুলক অনুভৱ কৰিলো
দেউতা আজি কাষত নাই
দুখৰ ভাৱ এটিয়ে চুই গ'ল
মনটো
অনুভৱ কৰিলো মোৰ হাতত
দেউতাৰ হাতৰ পৰশ
দেউতাৰ মুখখন মোৰ মন
দাপোণত
জিলিকি উঠিল
কব নোৱাৰাকৈ নামঘৰৰ এচুকত
বহি ললো
কাৰ কি সকাম চলিছে চিন্তা
কৰাৰ
কোনো ভাৱ মনলৈ নাহিল
চলি থকা নামৰ সুৰত ডুব গলো
কিমান সময় তেনেদৰে বহি
আছিলো
কব নোৱাৰো
কোনোবা এজনে প্ৰসাদৰ পাত
এখিলা
মোৰ সন্মুখত থৈ মাত
দিয়াতহে
বাস্তৱলৈ ঘূৰি আহিলো
লাজ লাজ ভাৱ এটিয়ে মনটো
চোই গল
মন্ত্ৰমুগ্ধৰ দৰে
গুৰুজনাৰ প্ৰতি এটি সেৱা জনালো
লাহে লাহে যেতিয়া এজন
এজনকৈ যাবলৈ ধৰিলে
মনৰ মাজত এক কব নোৱাৰা
স্বৰ্গীয় অনুভূতিৰে
আকৌ অহাৰ প্ৰতিশ্ৰুতি এটা মনত লৈ উভতি আহিলো।
আকৌ অহাৰ প্ৰতিশ্ৰুতি এটা মনত লৈ উভতি আহিলো।