তুমি আহিছিলা এই বাটেৰে
ক্ষ্যণিকৰ বাবে নেপালো লগ
তুমি উঠা শিখৰত উঠি চাবৰ মন
বিচাৰি গলো তোমাক
তুমি অহা বাটেৰে
আদ বাটতেই পথভ্রষ্ট হলো মই
তোমাৰ দেখো অজস্র নাম
দিকভ্রষ্ট হৈ
ঘুৰি ফুৰিছো উদ্দেশ্যবীহিন ভাবে
কোনে আজি দিব মোক
সঠিক পথৰ সন্ধান
তুমি উঠা শিখৰত
এবাৰ উঠি চাবৰ মন I