ঐ কাব্যিক
ভাল পালো তোক
নঙলা মুখত বাট চাই আছো
আদৰি নিবলৈ তোক
দিয়া হিয়াখনি তোমাৰ
সযতনে সাঁচি থওঁ বুকুৰ মাজত মোৰ
জাত পাতৰ বিচাৰ কি নেজানো
জানো মাথো হৃদয়ৰ ভালপোৱা
নালাগে মোক দামী গাড়ী
নালাগে হীৰা-মুকুতাৰ অলংকাৰ
নিবিচাৰো মই খমখমীয়া মুগাৰ মেখেলা
তাহানিতে আইয়ে গোৱা গীতবোৰ জোনাক নিশা
বুকু ভৰি যায় ভাবিলে আজি
পথাৰত
আয়ে ভুঁই ৰোৱা দৃশ্য মনত পৰিলে
আজি কিয় জানো বুকু হম হম কৰে
তৰাফুল গোজা আইৰ খোপাতো এতিয়াও মনত পৰে
দুবৰিৰ বুকুত বূটা বচা নিয়ৰৰ দলিচা সাজি ৰৈ আছো মই
ঐ কাব্যিক
ভাল পালো তোক
আহিবিনে এইবাৰ বহাগতে তই মোক নিবলৈ II
ভাল পালো তোক
নঙলা মুখত বাট চাই আছো
আদৰি নিবলৈ তোক
দিয়া হিয়াখনি তোমাৰ
সযতনে সাঁচি থওঁ বুকুৰ মাজত মোৰ
জাত পাতৰ বিচাৰ কি নেজানো
জানো মাথো হৃদয়ৰ ভালপোৱা
নালাগে মোক দামী গাড়ী
নালাগে হীৰা-মুকুতাৰ অলংকাৰ
নিবিচাৰো মই খমখমীয়া মুগাৰ মেখেলা
তাহানিতে আইয়ে গোৱা গীতবোৰ জোনাক নিশা
বুকু ভৰি যায় ভাবিলে আজি
পথাৰত
আয়ে ভুঁই ৰোৱা দৃশ্য মনত পৰিলে
আজি কিয় জানো বুকু হম হম কৰে
তৰাফুল গোজা আইৰ খোপাতো এতিয়াও মনত পৰে
দুবৰিৰ বুকুত বূটা বচা নিয়ৰৰ দলিচা সাজি ৰৈ আছো মই
ঐ কাব্যিক
ভাল পালো তোক
আহিবিনে এইবাৰ বহাগতে তই মোক নিবলৈ II