দিক্‌হাৰা হয় হৃদয়ৰ আশ্ৰয়


এতিয়া আকাশখনৰ
কাণে কাণে ক'লে ডাৱৰে
ৰ'দালিৰ ভাঁজে ভাঁজে
এটা অজুহাত সান্নিধ্যৰ
মোৰ টোপনি ভাগিল
লাগি আছে ছায়াৰ দৰে
কুৱঁলি পাহাৰতলিত
গছে বনে, পাহাৰৰ শিখৰে
বাৰিষাৰ বতাহত
বুকু ভৰি থাকে দুখ
উদং শুকান পথাৰ
মোৰ অসহায় চকু
মোৰ অনুভূতি দুফাল কৰি
বিস্তৰ মতভেদ
সংকটৰ মুখামুখি
অসম্ভৱ ভৱিষ্যত্‍
ভাঙি পৰে বুকু
কলিজা ছিন্ন-বিচ্ছিন্ন
শ্বাসৰোধী অভ্যন্তৰত নিঃসংগতা
মই মাথোঁ বহি থাকোঁ
নিৰুত্তাপ এই জীৱন
ভগ্ন-হৃদয়ত অজ্ঞাত ভয়
দিক্‌হাৰা হয় হৃদয়ৰ আশ্ৰয় |