সোণালী বৰ্ণালি ৰ’দৰ
চঞ্চল স্বপ্নৰ ৰহস্যময়ী
অপূৰ্ব্ব উদ্মাদনা সোণালী দেহৰ
জাগি উঠে প্ৰাণচাঞ্চল্য
শিহৰণ জাগে অঙ্গে অঙ্গে
বিচিত্ৰ জীৱন-নদীৰ মোহনাত
অনুভৱ কৰোঁ
উত্তাল স্নিগ্ধ নিবিড় আকৰ্ষণ
আলিঙ্গন জীৱন্ত অগ্নিশিখাৰ
বিমুগ্ধ আত্মাত
বৈ যায় এটি প্ৰাণবন্যা ।
চঞ্চল স্বপ্নৰ ৰহস্যময়ী
অপূৰ্ব্ব উদ্মাদনা সোণালী দেহৰ
জাগি উঠে প্ৰাণচাঞ্চল্য
শিহৰণ জাগে অঙ্গে অঙ্গে
বিচিত্ৰ জীৱন-নদীৰ মোহনাত
অনুভৱ কৰোঁ
উত্তাল স্নিগ্ধ নিবিড় আকৰ্ষণ
আলিঙ্গন জীৱন্ত অগ্নিশিখাৰ
বিমুগ্ধ আত্মাত
বৈ যায় এটি প্ৰাণবন্যা ।