ৰিঙা ৰিঙা মন

বিজুলীৰ চমকনি
ডাৱৰৰ মাজে মাজে
অনভিজ্ঞ কলমৰ খোজে
ঢৌ খেলে শুকুলা পাতৰ মাজে
বিজুলীৰ চমকনিত
ফুটি উঠে চমক নৃত্যৰ
যৌৱনৰ পোৱাবেলাত
মন উৰা মাৰে পখিলীৰদৰে
ফাগুনৰ বতাহে মন বলিয়া কৰে
ৰিঙা ৰিঙা ভাব এটিয়ে
মনৰ মাজত খেলি মেলি কৰে ।