জীৱন জীৱন জীৱন

সুদীঘল এটি বাট
গঢ়ি যায় ইতিহাস
কপালৰ ঘাম আৰু ভৰিৰ খোঁজ
দিন ৰাতি একাকাৰ
অক্লান্ত অবিৰত যাত্ৰা
মাটিত ভৰিৰ খোঁজ
জীৱন সম্বল এমুঠী পোহৰ
দৈনন্দিন প্ৰয়োজন পেটৰ তাৰণা
ৰৈ গলে খোজ, নজ্বলে চাকি
আৰু নজ্বলে ৰান্ধনিৰ আখল
চকুত বহুতো আশা
সন্মুখত পৰি আছে জীৱন
হাজাৰ লক্ষ্য বুকুত বান্ধি

যাত্ৰা দিগন্ত অভিমুখী ।