সৰা পাতৰ বিষাদ
ৰৈ গ’ল জ্বলি জ্বলি
শেষ হ’ল সময়
বৈছে বিষাদৰ নৈ।
ক্ৰমশঃ হালধীয়া পৰা সেউজীয়াবোৰ
এটি এটিকৈ সৰি পৰিছে মাটিত।
উভতি নাহে অতীতৰ দিনবোৰ
ধূলিৰ কুঁৱলীৰ আৰত লুকাল
দুঃস্বপ্ন হৈ গোপনে বুকুত
সৰা পাতৰ বিষাদ সুঁৱৰি।
হেঁপাহৰ দীঘল হুমুনিয়াহ
নিঃশব্দ দীঘল উকিৰে
গলি গলি হৈ পৰিছে নিঠৰ।