অন্তঃজীৱনৰ আঁত বিছাৰি


নিবিড় নিৰ্জনতাত বহি আছো ময়
স্মৃতিৰ অভিধান বুকুত লৈ
নিবেদিত দৃষ্টি দূৰ দিগন্তত।

অজানিতে খেপিয়াই ফুৰিছো
স্মৃতিৰ ভৰাল।

নিঃশব্দ উচুপনি নিথৰ নদীৰ
শুকান পাহাৰৰ শুকাই যোৱা নিজৰাটিত
বগা চাদৰৰ জিলিকনি।

নিশ্বাসত কঁপি উঠিছে সৰ্বশৰীৰ
অন্তৰ্জীৱনৰ আঁত বিছাৰি।

দুখভৰা জীৱনৰ
খলা-বমা পথৰ ছায়া-প্ৰচ্ছায়াত
হালি পৰিছো দিশহাৰা হৈ।