জীৱন যাত্রা

মানৱ প্রেম জীৱনৰ সত্তা
উপঢৌকন বতাহৰ দৰেই
বাসনাৰ আকাক্ষ্যা অসীম
যৌৱন হৈ পৰে বিজুলী
দুখবোৰ চমকি ৰয়
পোৱা নোপোৱাৰ চিন্তা
সমগ্র জীৱনৰ বিসম্বাদ
পৰিসমাপ্তি হয় জীঘাঙ্ক্ষাৰ
আহি পৰে সুখৰ যাত্রা
পাৰাপাৰহীন সুখৰ বৰষুন
ধাৰাসাৰে নামি আহে
জীৱন হৈ পৰে তৃষা
গুছি যায় বাৰ্দ্ধক্য
ভাৱনাৰ নতুন সম্বাদ
ভাবলেশহীন সুখৰ যাত্রা
এনেদৰেই গুছি যায়
সমগ্র জীৱন বতাহৰ দৰেই