কোন এই চিত্রকৰ


সিঁচি দিলে ৰিমজিম স্মৃতিৰ
সোনালী চিনাকি আলিত
শেৱালী ফুলৰ মাদকতা
ঘনে ঘনে লৰিছে চৰিছে
পুঁৱতিৰ আকাশ
আৰূ কুঁৱলীৰ স্বাদৰ
অন্তহীন আৰোহন
কল্পনা ৰাজ্যত
আজি অন্তৰত মুকুতাৰ মালা
সুন্দৰ পাৰিজাত ফুল
সপোনৰ নন্দন বনত
স্বৰগ সাগৰ
সকলোৰে কোন এই চিত্রকৰ