অভিযান সোঁৱৰণীৰ


নীলআকাশ মেঘ মুক্ত
সেউজীয়া সপোন বুকুৰ
সমস্বৰত সন্মিলিত প্ৰাণ
অভ্যুদয় অভিব্যক্তি নতুনৰ
উদ্বাত্ত চেতনাৰ চিকমিকনি
বাঁহী বাজে
গুঁঠিছে ভাৱৰ প্রতিমা
আছো শুনি
অপূৰ্ব সুৰৰ প্রতিমা
বুকুত বান্ধি এই
দেৱী গীত
থিৰ হৈ ৰওঁ
চেতনাৰ পথাৰত
বিচিত্ৰ অভিব্যক্তি
দ্ৰুত অভিযান সোঁৱৰণীৰ।।