পথাৰৰ বুকুৰ সোণালী সপোন







তুমি মোৰ সপোনৰ অংকুৰন
হেঁপাহ প্ৰতিক্ষাৰ সপোন তুমিয়েই
তোমাৰ বোকাপানীৰ পৰশত
অনুভৱ কৰো মৰমী মাতৃৰ
কোমল হাতৰ পৰশ।
তুমিয়েই মোৰ কল্পনা
মোৰ স্মৃতিৰ সোণালী সপোন
কেচা মাটিৰ সুগন্ধ আৰু
কোৱলীয়ে আৱৰা পূৱাবেলাৰ অনুভৱে
শিহৰন তোলে সৰ্ব শৰীৰত।
বৈ যায় এটি গীতৰ সুৰ
দেহৰ অংগে অংগে,
তোমাৰ বুকুত গজি উঠা
সেউজী সপোনবোৰে মোক মতলীয়া কৰে
দিয়ে জীয়াই থকাৰ নতুন আশা।
সেউজীয়া তোমাৰ ৰূপে
সোণালী সপোনৰ ৰূপ লৈ উপচি পৰিলে
দেহা মন মাগকতাৰে ভৰি পৰে।
তোমাৰ বুকুত ঢৌ খেলি বৈ যোৱা
বতাহজাকে যেন কাণে কাণে কৈ যায়
তোমাৰ আশাভৰা প্ৰাণৰ কথা।
তোমাৰ বুকু খোদা কৰি
সোণালী সপোনবোৰ লৈ আহোতে
মনটো মোৰ কিছু সেমেকি পৰে
তোমাৰ আশাভৰা আশ্বাসে
আকৌ তোমাৰ বুকুত
নতুন সপোন ৰচাৰ সাহস দিয়ে।