গুন গুননি এটি বাজি
উঠিছিল
মনৰ মাজত,
নিয়ৰৰ টোপালবোৰত
জিলিকি উঠা ৰদৰ
ৰশ্মিয়ে
মনত জগাই তুলিছিল
হেজাৰ সপোন
বহুদিন হল
নিয়ৰৰ টোপালবোৰত
মুকুটা দেখা নাই,
দেখা নাই লুইতৰ
বুকুত
উফন্দি উঠা বানৰ
জোৱাৰ,
কিয় জানো
অজান দুখ এটাই
বুকুত খুন্দিয়াই
কান্দে।