বহি থাকো লুইতৰ পাৰত

মাতিছিলা তুমি মোক ৰিঙিয়াই
এতিয়াও মনত পৰে,
তুমি আছিলা নৈখনৰ সিপাৰে
সপোনৰ পজাটিত,
কি জানো হৈ গল
বাৰিষাৰ উত্তাল তৰংগত
তোমাৰ মাত হেৰাল,
হেৰাই গল সপোনৰ পজাটি,
সেইদিন ধৰি বিছাৰি ফুৰিছো
বহি থাকো লুইতৰ পাৰত
দিগন্তলৈ চাই চাই,
উভতি আহিব সেই ৰিঙিয়াই মতা মাত
বেলি উঠি মাৰ গল
নিশাৰ আন্ধাৰে আবৰি ধৰিলে সকলো
নুশুনিলো তোমাৰ ৰিঙিয়াই মতা মাত
এনেদৰেই পাৰ কৰি আছো দিনবোৰ
তোমাৰ সেই
ৰিঙিয়াই মতা মাতটি শুনাৰ আশাৰে
আছো বহি লুইতৰ পাৰত বহি
যুগ যুগ ধৰি।