ঘামেৰে জুলুৰি জুপুৰি দেহা
কান্ধত ডাঙৰি লৈ অহা
গাৱৰ ডেকাৰ দল
আজি যেন দূৰ্লভ্য সপোন
জীৱন যাত্ৰাৰ সপোন ৰছা
নাঙলৰ সীৰলুৰ মাটিৰ স্পৰ্শ
ভূই ৰোৱা গাভৰুৰ খিল-খিল হাঁহি
বোকাপানীৰে আৱৰি পৰা
ডেকাৰ সুঠাম দেহাৰ
ৰদত কজলা পৰা মাংস বহুল বাহু
কত জানো হেৰাই গল
সেই সোণালী সপোনবোৰে
হৃদয়ত হাহাকাৰ কৰে
উভতি যাবলৈ মন যায়
অতীতৰ সপোনবোৰ বিছাৰি,
যান্ত্ৰিকতাৰ মাজত শ্বাসৰূদ্ধ
ঘুৰি যোব খোজো সেই
সোণালী অতীত বিচাৰি
মন এক বিদ্ৰোহত জ্বলি উঠে
কিন্তু মইযে আজি নিৰুপায়।
কান্ধত ডাঙৰি লৈ অহা
গাৱৰ ডেকাৰ দল
আজি যেন দূৰ্লভ্য সপোন
জীৱন যাত্ৰাৰ সপোন ৰছা
নাঙলৰ সীৰলুৰ মাটিৰ স্পৰ্শ
ভূই ৰোৱা গাভৰুৰ খিল-খিল হাঁহি
বোকাপানীৰে আৱৰি পৰা
ডেকাৰ সুঠাম দেহাৰ
ৰদত কজলা পৰা মাংস বহুল বাহু
কত জানো হেৰাই গল
সেই সোণালী সপোনবোৰে
হৃদয়ত হাহাকাৰ কৰে
উভতি যাবলৈ মন যায়
অতীতৰ সপোনবোৰ বিছাৰি,
যান্ত্ৰিকতাৰ মাজত শ্বাসৰূদ্ধ
ঘুৰি যোব খোজো সেই
সোণালী অতীত বিচাৰি
মন এক বিদ্ৰোহত জ্বলি উঠে
কিন্তু মইযে আজি নিৰুপায়।