ব’লা আজি যাঁও দুয়ো একেলগে, সময়ৰ সিপাৰে ।
ৰৈ থাকিব প’ল অনুপল আমাৰ বাবে, আমাৰ ভালপোৱাৰ
প্ৰতিটো মূহুৰ্ত স্থবিৰ হৈ ৰ’ব চিৰদিনৰ বাবে । ভাবাচোন
তেনেকোৱা এটি মূহুৰ্ত যি নিঠৰ অনুভূতিহীন, নাই কোনো
নতুনত্ত, নাই জোন, বেলি, তৰা, নাথাকিব কোনো কম্পণ
হৃদয়ৰ, আকুলতাহীন এক আকৰ্ষণ যি হব মাথো সত্য।
স্বৰ্গ ইয়েই নেকি, মানৱ প্ৰাণে যাক আশাৰে বিচাৰে প্ৰতিপল।
সময়, নাম যাৰ কাল নথোবা মহাকাল, ইয়েই সৃষ্টিৰ আদিম ৰহস্য।
যাৰ অৰ্থ জন্ম, মৃত্যু আৰূ সৃষ্টিৰ মায়াজাল। প্ৰেম, ভালপোৱা, অনুভূতি
অনুৰাগ আৰূ সংবেদশীল এখনি হৃদয় মহাশূন্যত সৃষ্টি হয়
প্ৰয়োজন গতিশীল সময়।