সদাই জ্বলোৱাৰ দৰেই জুইশালত
জুইকুৰা জ্বলালো।
ই এটা অভ্যাসত পৰিণত হৈ পৰিছে।
জুই জ্বলোৱাৰ পিচতহে মনলৈ আহিল
ৰান্ধিবলৈ একো নাই।
সৰহকৈ খৰি এসোপা জাপি উলাই
আহিলো পজাৰ পৰা।
বাহিৰত ঘোৰ অমাৱষ্যাৰ অন্ধকাৰ।
আকাশলৈ চাই ৰলো তৰা বিচাৰি,
যেন বিচাৰিছো এটি আশাৰ চাকি।
কিমানপৰ চাই আছিলো নাজানো।
নাকত এটি চিনাকি গোন্ধ
বিয়পি পৰিল।
ধৰিব পৰা নাচিলো কিহৰ,
এটি চিনাকি মাদকতা সনা গোন্ধ।
লাহে লাহে ঠাইদুখৰ পোহৰ হৈ উঠিল।
চকু ঘূৰাই পজাটিলৈ চালো একুৰা জুই
জ্বলি জ্বলি পজাটিৰ উপৰলৈ উঠিছে।
কি সুন্দৰ মনোৰম দৃশ্য, অন্ধাৰত এক
অপূৰ্ব মায়াৱি সপোনে মোক
আৱৰি ধৰিলে।
অপলক দৃষ্টিৰে চাই ৰ’লো জুইকুৰালৈ।
কিবা এক সন্মোহনি মায়াত
আৱদ্ধ হৈ ৰলো।
এবাৰো মনলৈ নাহিল মোৰেই পজাটি
জ্বলিছে লেলিহান শিখাৰে।