এটি ঢৌ খেলি গ’ল

এটি ঢৌ খেলি
বাঁহীৰ মাতত
হালি জালি ভাঁহি
চৌদিশে বতাহত
তাৰ গুণগণনি
সপোন সপোন যেন লগা
দৰ ৰিহাৰ আচল খনি
মেলি দিলে
সকলোকে আৱৰি

নৈখনে থৰ লাগি চাই ৰ’ল

নৈৰ দাপোণত মুখ চাই
গা ধুই অহা চাদৰখনি
মেলি দিলে শুকান বালিত

তিতা গামোচাৰ আৰত
জ্বিলিকি থকা উঠন বুকুৰ
উশাহৰ লগে লগে লোৱা
গীতিময় ছন্দৰ গতি

দেহৰ নাচোনৰ তালে তালে
চুলিৰ সৰি পৰা পানীৰ টোপালবোৰত
পোৱাৰ সূৰুযৰ জ্বিলমিলনি

নৈখনে থৰ লাগি চাই ৰ’ল
ইমান ধুনীয়া ৰূপহী দেহৰ
অনুভৱ কিয় নেপালো
মোৰেই বুকুত সাতুৰি-নাদুৰি
ধেমালী কৰি গ’ল
কোন এই সুৰসি গাভৰু

থৰ লাগি থকা নৈখনি
হঠাৎ চমকি উঠিল
সুহুৰিয়াই সুহুৰিয়াই 
ললে আকৌ আপোন গতি

মায়াত আৱদ্ধ হৃদয়ৰ আশাবোৰ

বোজাব নোৱাৰো কিয়
বুকুত উবুৰি খাই পৰিছিল
প্ৰাণৰ খেলি মেলি অনুভৱ 
নুবুজা ভাষাৰ আবেগ
হৃদয়ত শুনো হাহাকাৰ
হাজাৰ লক্ষ্য বুকুত বান্ধি
তৃষ্ণাতোৰ জীৱন নদীৰ বালিচৰত
সময়ৰ নিথৰ মূহুৰ্তবোৰত
বুকুৰ আৰ্তনাদৰ নিৰৱ প্রকাশ
নুবুজা ভাষাৰ ঢৌবোৰৰ
ছন্দহীন গতিত
দীঘল হুমুনিয়াহ আৰু নিঃশব্দ দীঘল উকিৰে
আকাশলৈ চাই ৰলো
মায়াত আৱদ্ধ হৃদয়ৰ আশাবোৰ
ৰূক্ষ বতাহত চূৰ্ণ বিচূৰ্ণ হৈ
এটি এটিকৈ সৰি পৰিছে বালিত

শান্ত আছিলো মই

শান্ত আছিলো মই মৃদু মলয়াৰ দৰে
মন ৰণীয়া কৰিলে  মতলীয়া বতাহজাকে

বতাহত কোনোবাই যেন ৰিঙিয়াই মাতে
সপো গীত গাই আমনি কৰে

হৃদয়ৰ নিজৰাটিত গঢ়ি উঠা আনন্দৰ স্মৃতি
ইয়েনে প্ৰেমৰ অনুভূতি
বাৰিষাৰ ঢযেন মনৰ অবস্থিতি

শান্ত আছিলো মই
মতলীয়া কৰিলে মোক উৰণীয়া বতাহজাকে







স্বতঃস্ফূর্ত অনুভূতিৰ কল্পদৃষ্টি

নিশব্দ সামৰনি
অন্তৰাত্মাৰ আলোৰন
আত্মতৃপ্তিৰ প্রচণ্ড প্ৰবাহত
মহাজাগতিক শক্তিৰ
উদ্গীৰিত দীপ্তি
স্বতঃস্ফূর্ত অনুভূতিৰ কল্পদৃষ্টিয়ে
ভিন্নতাৰ পৰিধি নামানে
বিশ্বজনীন আনন্দৰ
দীপ্ত প্ৰকাশে
মহাজাগতিক শক্তিৰ
ঊজ্জ্বলতা আনে
অন্তৰীক্ষৰ নীলিম আভাত
লালসাৰ অন্তিম প্ৰজ্জ্বলন ঘটে
চৈতন্য শক্তিৰ সৃষ্টিৰ ধাৰনাৰে
অন্তৰাত্মাত জীৱন জ্যোতিৰ
আনন্দৰ নিশব্দ
আলোৰন ঘটে

মোৰ জীৱনৰ আধাৰ

এটি ৰূপ ভৱিষ্যতৰ
অতীতৰ মাজেদি
ভাঁহি আহে
নৱলোকৰ পোহৰৰ গান
ৰিণি ৰিণি শুনো
সঙ্গীতৰ প্ৰতিধ্বনি
মই শিল্পী
বুকুত সিঁচি লওঁ
ৰক্তিম উজ্জ্বলতাৰ
শান্তিৰ নিজৰা
আন্ধাৰ পথাৰবোৰত
সঙ্গীতৰ মাজেদি
জ্বলাওঁ শলিতা সোণোৱালী সৃষ্টিৰ
আন্ধাৰ বুৰ যায়
সঙ্গীতৰ শলিতাৰ পোহৰত
জীৱনত উক দিয়া ধোঁৱাবোৰৰ
অন্তিম প্ৰতিধ্বনি
শেষ হ’ল অন্ধকাৰত
মোৰ সৃষ্টিৰ অপূৰ্ব্ব ধাৰা
হৃদয়ত  জ্বলাওঁ
সৌন্দৰ্য্যৰ এটি ৰূপ
মোৰ জীৱনৰ আধাৰ

হেঁপাহৰ ৰূপালী জোনাক

ঘনিষ্ঠ উত্তাপ
তেজঃদীপ্ত জীৱনধাৰাৰ
স্বপ্নৰ উদ্যানত
বুৰঞ্জীৰ আচোঁৰ
অভিজ্ঞতা দুখ আৰু আনন্দৰ
নিজস্ব অনুভৱ
বুকুৰ ভিতৰে-বাহিৰে
সীমিত সামৰ্থ্যত
গুচি যায় মন
যাদুকৰী সান্নিধ্যৰ সন্ধানত
মোৰ কবিতা
ঢলি পৰা দোমোজাৰ
ভাৱৰ খেলি মেলি
শব্দবোৰৰ অৰ্থ হয় বিপৰ্যস্ত
উপস্থিতি নিৰ্জন ছায়াৰ
সৃষ্টিৰ সুষমা শব্দবোৰৰ
আবিস্কাৰ প্ৰেমৰ গুণগুণ
অন্ধকাৰত জ্বলে
জোনাক ত্ৰস্ত ৰাত্রিৰ
জালিকটা সুৰুঙাৰে
বৈ আহে উদং বুকুৰ
হেঁপাহৰ ৰূপালী  জোনাক
শব্দবোৰৰ বুকুত সাৱটি

জীয়াই থকাৰ তীব্র হেঁপাহ

প্রচন্দ ধুমুহাই মোক আমনি কৰে
ভাৱ হয় কিজানিবা মোৰ সৰু পজাটি  উৰুয়াই নিব
ডাৱৰৰ ঢেৰেকনিত কপে হিঁয়া ক্ষণে ক্ষণে
বুকুত উঠে ঢপ ঢপনি বানপানীৰ কোবাল গতিত
ভোগি আহিছো  প্রটিতো বাৰিষাত
সকলো শেষ কৰি
মোক লঠঙা কৰি থৈ যায় মাথো এটি কায়া
আকৌ যুজ বাগৰ জীৱন যুধ্বত জীয়াই থকাৰ
বিজুলিৰ তিৰবিৰনিত কঁপি উঠে মন
প্রকৃতিৰ কি এই বিধ্বংসি ৰূপ
সৃষ্টি কি নৈপৰীয়া নিঠৰুৱাৰ বাবে
খেতি বাৰি ধ্বংস কৰি
সকলো নিঃশেষ কৰি লৈ আহে মহামাৰি
কি যে লীলা কৰে ভগৱানে বাৰে বাৰে
তেওঁকে পূজা কৰো নহয় সন্তুস্ত
কোন জীৱনৰ কৰ্মৰ ফল ভূগি আছো আজি 
ভাবি ভাবি আৰু ভাগৰি যাওঁ
জীয়াই থকাৰ তীব্র হেঁপাহ হেৰাই যাব খোজে মাজে মাজে
এটিয়েই ভৰসা কিজানিবা কৃপা দৃষ্টি পৰিব
তুস্ত হব ডাঙৰীয়া

নিথৰ মূহুৰ্ত ইতিহাসৰ

নিথৰ মূহুৰ্ত ইতিহাসৰ
এটি ক্ষণ দিগন্তৰ আকাশত

কঁপিছিল প্রদীপৰ শিখা
নিৰৱ প্রকাশ জীৱনৰ

তপ্ত তেজৰ স্পন্দণ
ভাষাৰ ঢৌবোৰৰ

উদভ্রান্ত কল্পনা
মেৰু প্রান্তত ক্ষণ গনি আছে

জ্বলি জ্বলি শেষ হব সময়
সেউজীয়া অতীতৰ দিনবোৰ
উভতি নাহে

মায়াৱী সপোন
অমাৱষ্যাৰ অন্ধকাৰ
আকাশলৈ চাই ৰলো

সুন্দৰ মনোৰম দৃশ্য
জ্বিলিকনি হেজাৰ তৰাৰ

অপূৰ্ব মায়াৱি সপোন
মায়াত আৱদ্ধ হৈ ৰলো
হৈ এটি
নিথৰ মূহুৰ্ত  ইতিহাসৰ

দিগন্তৰ সীমা চকুত পৰা নাই

সময়ৰ সতে যুজি যুজি ভাগৰি পৰা মনে
সঁহাৰি বিচাৰে, বিচাৰে সাহস
আগুয়াই যোৱাৰ লাগে নতুন প্রেৰণা
কতো উৱাদিহ নাপায় বহি পৰে নিজানত
অকলসৰিয়া জীৱন
প্রটিতো মূহুৰ্ত দুখ আৰু বেদনাৰে ভৰা
ভৰি পৰিছে হৃদয় ভৰাল যন্ত্রণাৰ বোজাৰে
হাত ভৰি মনেওঁ যে দিব নোখোজে লগ
জীৱনৰ বাট এতিয়াওঁ বহুত বাকি
দিগন্তৰ সীমা চকুত নপৰে
ভাবিলেওঁ নোৱাৰো
সৰকি পাৰ হওঁ দিগন্তৰ সীমা

আকুলতাৰ চাকনৈয়াত পৰি

অদৃশ্য আকাশী ৰথৰ তিৰবিৰণি
উটি ফুৰে বসন্তৰ উতনুৱা বতাহত
সূৰ্য্যাস্তৰ মোহিনী মায়া
বসন্তৰ ডেউকাই কোবাই 
হেঁপাহৰ ৰঙীন যমুনা বৈ যায় বুকুয়েদি
কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ত
দিক্‌হাৰা হৃদয় 
আকাশৰ নিজম ফুলনিত হাঁহিৰ নাচোন
উপচি পৰিল আকাশত প্রেমৰ এটি স্নিগ্দ্ধ বতাহ
সিচি গ'ল  ৰূপৰ কান্তি
ভৰি পৰিল হৃদয়ত সুৰৰ ৰাগিণী
উন্মাদ চঞ্চল জীৱন
ঘূৰি আছো অনন্ত চকৰিত আত্মানুসন্ধানৰ পথত
নুবুজা ভৰা নদীৰ পাৰত বহি
সজল চাৱনিৰে স্মৃতিয়ে লুকা ভাকু খেলিছে
আকুলতাৰ চাকনৈয়াত পৰি
আশাৰ জুই জ্বলি উঠিছিল দুচকুত
এটি অনুভৱ বৈ গ’ল 
এটি সুঁতি হৈ
সপোনৰ আকাশী গংগাত

হৃদয় মোৰ উগুল থুগুল

দূৰত থাকি
হাঁহে অনামীয়ে,
মধু ক্ষননবজা সুৰটি
বাজি উঠে কাণত,
হৃদয় মোৰ উগুল থুগুল,
কোনোবা দূৰণীত
অনামীয়ে হাঁহে,
এটি সুৰৰ
সৃষ্টি মৃদু ঝংকাৰ
প্রতিধ্বনিত হয়
আকাশে বতাহে,
মতলীয়া মন
ফাগূণৰ বা লাগে,
হৃদয়ৰ কোণে কোণে
নাচি উঠে মন
সুৰৰ তালে তালে

সৃষ্টি আবেগৰ খেলিমেলি

মুক্ত ধাৰা নীল আকাশৰ
দেৱলোকত সৃষ্টি এই স্থিতি

বাৰে বাৰে ৰিঙিয়াই মাতে
নীল আকাশে
সৃষ্টি আবেগৰ খেলিমেলি
মনৰ মাজত

থৰ লাগি চাওঁ এই বিশালতা
নিস্তব্ধ নিশাৰ তৰাৰ জিলমিলনি

বিষাদ কঢ়িয়াই কঢ়িয়াই
অনুভৱ কৰো
জোনাকৰ অনুপস্থিতি

মন মোৰ উৰণীয়া পখীলি
সংগী মৃদু মলয়া

কোনোবা দূৰ-দূৰণীত
ৰৈ আছে জীৱন

নিস্তব্ধ নিশা ৰাতি দুপৰৰ
মনে নামানে

উৰি যাব খোজে
নিজকে হেৰোৱাই

বিলীন হব খোজে
মুক্ত আকাশৰ
নীল বিশালতাত

হৃদয়ত ৰাগিণী

প্ৰীতিৰ সোঁত এটি ফুৰিছে ঘুৰি আনমনা হৈ
হৃদয়ৰ  ৰাগিণী সিও গুচি গ’ল স্মৃতিৰ পম খেদি
মোহিনী হৃদয়ত মোৰ অজ্ঞানে সুন্দৰৰ আৰাধনা
এটি নিশাৰ তৰা ৰই গ’ল ৰঙিলীৰ ভাব দেখি
নিয়ৰৰ কলিৰ সপোন
হাঁহি ধেমালি জোনৰ
উন্মত্ত প্রাণত মোহিনী মাৰি আকাংক্ষা মোৰ বহুমুখী কৰিলি
কৰিছো আজি সুন্দৰৰ আৰাধনা

লক্ষ্য এটি অন্তহীন প্রবাহমান গতি

এই যে নিৰৱতা
নিবিড় ক্ষণবোৰত
লুইতেদি নাও উজাই
চাকনৈয়াৰ সৃষ্টি কৰে সোঁতৰ গতিত
পাৰ কঁপায় নিৰলে
নদীৰ মহিমা নাৰীময়
গুণগুণাই সোঁতৰ চেয়ে চেয়ে
কল্পনাৰ সাগৰত ডুবি
অনুভৱ কৰিলো বুকুৰ ভিতৰত
খামুচি আছে মোৰ আত্মা
ঢৌ খেলি যায় বুকুয়েদি
মোৰ অতল তলিৰ নিৰৱতা
কোন দৃৱাৰেদি উভতিছিল
মোৰ আত্ম পৰিছয়
বোকাময় কদৰ্য এই বাট
দূৰৈৰ এটি নৈপৰীয়া সুৰে
পাতিছে  উৎসব
এচমকা পোহৰৰ আশাত
এটি সুৰৰ পম খেদি খেদি
সৃষ্টি এটি সপোনৰ সমাহাৰ
মোৰ মনৰ নিজান বনত
উকি মাৰে এটি সোঁৱৰনীয়ে
যৌৱনৰ ভৰপক দুপৰৰ বাঁহী
এটি অতীতৰ কাহিনী
সুদুৰ অভিমুখী নদীৰ বোৱতী ঢলত
এৰি দিলো প্রাণ
লক্ষ্য এটি অন্তহীন প্রবাহমান গতি

ধূই নিকা কৰিলে বিষাদ

ৰজনী আহিব কুঁৱলী ফালি
সময় সীমাৰ 
দূৰত্ত অতিক্রম কৰি

শেৱালীৰ সুবাস লৈ
বাজি উঠিব
ব্ৰহ্মাণ্ড-সঙ্গীত

এটি চিৰ নতুন সত্য সৃষ্টিৰ
নাও মেলি
আগুৱাই যাব সময়
দিগন্তৰ সীমা বিছাৰি

বিশাল মহাশূন্য
মনত চিনাকি ভাবনাৰ খেল 
অনুভূতিৰ এক সাথঁৰ
এখনি বোৱতী নৈ

মৃদু মৃলয়াৰ দৰে গতি
আবেগৰ চেঁচা বতাহ
সৃষ্টিৰ আদিম ৰহস্য

তাতে ঘন কুৱঁলীৰ চাদৰ
পোহৰ আৰু ধূসৰ ছাঁয়াৰ

এটি গীতৰ কলি
বাঁহীত বাজি উঠা সুৰ 

উৰি ফুৰে সময়
দুখ আৰু আঘাত 
এফেৰি পোহৰত
আতৰি পলায়

এমুঠী জিয়া আবেগত
নাচি উঠে মন

নীল আকাশৰ
দুবাহু মেলা হাত
স্পষ্ট এটি উপস্থিতি
ধূই নিকা কৰিলে বিষাদ

দুখত সুখৰ অনুভূতি


ধাৰাষাৰ ঢলৰ প্ৰতিধ্বণীত
মন নাচি উঠে
জলকুঁৱৰীৰ গীত গাওঁ
ৰাতি দুপৰত সীমাৰ শেষত
কিয় জানো মন আজি
বিলীন হব খোজে
বিশাল মহাশূন্যত
দুচকুয়ে  ৰ লাগি চায়
অন্তৰীক্ষৰ বুকুলৈ
গুণ গুণাই
সুখৰ ঢৌ এটি
বুকুয়েদি নিৰৱে বৈ যায়

নতুন বিশ্বৰ সপোন ৰচি

সহিব নোৱাৰি
নীল আকাশৰ বিষাদ
কজলা বৰণ লয়
শুকুলা ডাৱৰে
বতাহ বৰষুণ দুবাহু মেলি
মুক্ত ধাৰাৰে এৰি দিয়ে চকুপানী
মুঠী জিয়া আবেৰ চেঁচা বতাহ
মনত ভাৱনাৰ খেল 
সৃষ্টি হ'ল বিজুলী
খেলিমেলি মনৰ মাজত
এন্ধাৰৰ ছাঁয়া
দূৰ-দূৰণীত দেখো
উৰণীয়া পখীলি হৈ
বিজুলীয়ে নাচে
নতুন বিশ্বৰ সপোন ৰচি
আকোৱালী ললে নীল আকাশে

ডাৱৰক বুকুত সাৱতি

পোহৰৰ সন্ধানত

মোৰ শৰীৰৰ ছায়া
নিয়ৰৰ টোপাল বোৰ
সূৰুযৰ ৰশ্মিত
দুবৰিৰ বুকুত হেৰাই যোৱাদি
শূণ্যতাৰ আন্ধাৰত
নিৰুদ্দেশ হৈ পৰিল
ভাব সাগৰত ডুব '
মোৰ ৰহস্যময় ৰূপ
মনৰ ভাৱত
শীতলতাৰ স্পৰ্শ
উদ্বাউল মনৰ প্ৰতিধ্বনি
ৰিনিকি ৰিনিকি বাজে
পৰ্বতৰ অতল গহ্বৰত
নিঃস্ব হৃদয়
উচুপী উঠিছিল নিৰৱে
পোৱা নোপোৱাৰ দুমুজাত পৰি
ককবকাই ঢাপলি মেলিছিল
পোহৰৰ সন্ধানত

টিলিঙা মন্দিৰৰ কৰুণ কাহিনী

সেই আহতজোপা
দেখিছিলো হালিজালি থকা
শুনিছিলো চৰাইবোৰে আনন্দত কিৰিলী পৰা 
আৰু ডালত জপিয়াই গীত গাই থকা
কোনে জানো আহি 
এদিন চাকিগচি জ্বলাই ডালত টিলিঙা এটি আৰি দি গ'
এদিন দুদিন কৰি তিনি যুগ পাৰ হ'
শ শ হেজাৰ টিলিঙা উলমি গ'
আহতজোপাই প্রতিজন ভক্তক আত্মাৰ একুটি অংশ বিলাই গ'
কোনেওঁ নেদেখিলে আহতজোপাৰ নিৰৱ বেদনা
পাতবোৰ এটি এটিকৈ সৰি গ'ল আত্মাৰ অংশ বিলাই বিলাই
আহতজোপা এদিন স্বৰ্গবাসি হ'
থাকি গ'ল স্মৃতি চিহ্ন
নিষ্ঠুৰ মানৱতাৰ অন্ধবিশ্বাসৰ সাক্ষী হৈ
শুকাণ পাতহীন প্রাণহীন ডালবোৰ



(এটি সঁচা কাহিনী তিনিছুকীয়াৰ ওচৰৰ বৰদুৱীৰ টিলিঙা মন্দিৰৰ)

হৃদয় মোৰ দুৰু দুৰু কঁপে

শান্ত আছিলো মই
ফাগুণৰ মতলীয়া বতাহজাকে
উৰণীয়া কৰিলে মন
পখীলি হৈ উৰি ফুৰে
মৃদু মৃলয়াৰ দৰে
কিয় জানো মন আজি
দুৰু দুৰু কঁপে
বতাহত কোনোবাই যেন
ৰিঙিয়াই মাতে
সপোণত গীত গাই
আমনি কৰে
নিজৰাৰ পানীত ঢৌ খেলি
প্ৰতিধ্বণী উঠে
শিলত থেকা খাই
আনন্দত নাচে
হৃদয়ৰ নিজৰাটিত
গঢ়ি উঠা আনন্দৰ স্মৃতি
ইয়েইনে প্ৰেমৰ অনুভূতি
হৃদয় মোৰ দুৰু দুৰু কঁপে
বাৰিষাৰ ঢ’ল যেন
মনৰ অবস্থিতি
শান্ত আছিলো ম
মতলীয়া কৰিলে মোক
ফাগুণৰ বতাহজাকে

মোৰ প্রেমৰ নীলাভ নিজৰা

শুকুলা ডাৱৰত শংখ ঘন্টাৰ মৃদু ধ্বনি 
ৰং নিগৰি আহে এটি সেউজীয়া অনুৰাগ
দূৰণীৰ পাহাৰটিলৈ চালো
বুকুৰ কোমল নিজৰা
ৰূপৱতী শুভ্র সদ্যস্নাতা
বুকুত চেতনা এটি নীলা সপোনৰ
কামনাৰ জোনাকে
নিৰলে নিজানে বুকু বিয়পাই ফুলালেহি এটি সপোন
আকুল হিয়াত ভৰি পৰিল মোৰ
নীল আকাশত জ্বিলিকা প্রেমৰ নীলাভ নিজৰা

এক অপূৰ্ব সংগীত

শুনি আছো প্রতিধ্বনি নিঃশব্দে
উক দিলে হৃদয়ত সোণোৱালী সৃষ্টিৰ
আত্মাটি উৰি যায়
দেখি থিৰ হৈ ৰওঁ
সুৰৰ অব্যক্ত ৰাগ
বিৰিঙি উঠিল ৰক্তিম উজ্জ্বলতা
অপূৰ্ব্ব সঙ্গীত পোহৰৰ
বিৱপি পৰিছে আকাশে বতাহে
লৈ নিঃশব্দ  চৰাইজাকৰ গতি
ফুটাব নোৱাৰা এটি ভাৱে
হৰিছিল প্রাণ
মিচিকিয়া হাঁহি ফুলপাঁহিৰ
উপচাই পোহৰৰ ধল
মতলীয়া আজি ফুল কুঁৱৰী
ক’ত আছে এনে অপূৰ্ব সংগীত
বাঁহী বাজে হৃদয়ত
আত্মাটি উৰি যায়
দেখি থিৰ হৈ ৰওঁ

শীতল জোনাকৰ ঢৌ

বুকুত মোৰ শীতল জোনাক
জোনাক নিশা মনত পৰে
স্মৃতিৰ কোঠাত জ্বলি থকা এটি সুৰীয়া গীত
ভাঁহি আহে মলয়াৰ ভাজে ভাজে
উপঙি আহে বতাহত স্মৃতিৰ সমস্ত ভাৱনা
সযতনে সাঁচি ৰখা অশ্রুভৰা তোমাৰ ছবি
আজি কিয় লুকাভাকু খেলিছে মনে
উত্তেজনা নাই অন্তহীন শূণ্যতা বুকুত
সাঁচতিয়া সপোনৰ শীতল জোনাকৰ ঢৌ
বুকুত বয় নিজৰা হৈ

মোহিনী বান্ধ মাৰি ভাঙিলি প্রাণ

সুন্দৰৰ আৰাধনা
উৰি ফুৰে মন 
এটি গীতৰ ৰাগ হৈ
পমি গ’ল হৃদয়
মোহিনী বান্ধ মাৰি
ভাঙিলি প্রাণ
বহু মুখী প্রাণ
সহস্র শাখা প্রশাখা
বোৱাই প্ৰীতিৰ সোঁত
ৰৈ  গ’ল  মন
হেঙুলি বেলিটিলৈ চাই
উপচি পৰিল
ফুলে পাতে স্নিগ্দ্ধ প্রেমৰ
প্ৰীতিৰ সোঁত
প্রাণৰ ব্রত প্রাণৰ আকাংক্ষা 
এতিয়া মোৰ
সুন্দৰৰ আৰাধনা