নাৱৰীয়া আগুয়াই

ভাটিয়ালী গীত গাই
নাৱৰীয়া আগুয়াই
মন নাচে আনন্দত
পানীৰ লহৰে লহৰে
ভাঁহি যায় গীতৰ সুৰ
নদী কাষৰীয়া মই
আনন্দত নাচি উঠে মন
পানীৰ চাকনৈয়াত দুলী দুলী
নি:শব্দে পানীৰ হিয়া ফালি
গতি কৰিছে নাৱৰীয়া
পিছে পিছে বোৱতী
এটি নতুন সৃষ্টি সোঁতৰ গতি
নাৱৰ পিছে পিছে সম গতিত
নাৱৰীয়াৰ গীতৰ লহৰত
নাচি নাচি আগুয়াই  |