জনতাৰ প্ৰাণে প্ৰাণে

নিৰব এটি আদৰৰ স্পন্দন শুনো  জনতাৰ প্ৰাণে প্ৰাণে 
ধুমুহা তই উৰুয়াই নিনিবি
পচোৱা তই নাহিবি
চাকিটি নুমালে
এন্ধাৰ নিশাৰ আৰ্তনাদৰ সুৰ মই সহিব নোৱাৰো
মলয়া তোমাৰ মৃদু পৰশ মোৰ অতি প্ৰিয়
আচল ভৰাই আনিছো তোমালৈ পূৱতীৰ শেৱালীৰ মালাধাৰি
আহা তুমি মলয়া উলাহত গীত গাই গাই
সজাম ফুলেৰে অতি যতেনেৰে
তুমি আহা 
অতি প্ৰিয় মোৰ তোমাৰ পৰশ
শুনো স্পন্দন জনতাৰ প্ৰাণে প্ৰাণে
এটি আদৰ নিৰৱতাৰ