আপোন সুৰত মন উৰি যায়

অদূৰত দেখো তোমাৰ ছায়া
অতীতৰ সেই আশাৰ
বসন্ত উভতি অহাৰ কথা
মোৰ শৰীৰত তোমাৰ অস্তিত্বই
বুকুত আহি ঠেকা মাৰে
ধিৰে ধিৰে আহিছা আগোৱাই
মোৰ নিথৰ জীৱন্ত জঁকাটোত
উপলব্ধি এটি নতুন তেজৰ সোঁত
আপোন সুৰত মন উৰি যায়
স্মৃতিৰ ধূলিময় পেৰাত উকি মাৰি
শুনিলো তোমাৰ খোজৰ প্রতিধ্বনি
খুলি গল হৃদয়ৰ বন্ধ দূৱাৰ
সিৰাই সিৰাই প্রবাহমান
এটি প্রেমৰ নিজৰা
মোৰ মুগ্ধ দৃষ্টিত চাঞ্চল্য
আপোন সুৰত এবুকু ঢল লৈ
এক নুবুজা মায়া জালত
আবদ্ধ হৈ ৰলো
আশা তোমাৰ ভৰসা ।।