লক্ষ্য এটি অন্তহীন প্রবাহমান গতি

এই যে নিৰৱতা
নিবিড় ক্ষণবোৰত
লুইতেদি নাও উজাই
চাকনৈয়াৰ সৃষ্টি কৰে সোঁতৰ গতিত
পাৰ কঁপায় নিৰলে
নদীৰ মহিমা নাৰীময়
গুণগুণাই সোঁতৰ চেয়ে চেয়ে
কল্পনাৰ সাগৰত ডুবি
অনুভৱ কৰিলো বুকুৰ ভিতৰত
খামুচি আছে মোৰ আত্মা
ঢৌ খেলি যায় বুকুয়েদি
মোৰ অতল তলিৰ নিৰৱতা
কোন দৃৱাৰেদি উভতিছিল
মোৰ আত্ম পৰিছয়
বোকাময় কদৰ্য এই বাট
দূৰৈৰ এটি নৈপৰীয়া সুৰে
পাতিছে  উৎসব
এচমকা পোহৰৰ আশাত
এটি সুৰৰ পম খেদি খেদি
সৃষ্টি এটি সপোনৰ সমাহাৰ
মোৰ মনৰ নিজান বনত
উকি মাৰে এটি সোঁৱৰনীয়ে
যৌৱনৰ ভৰপক দুপৰৰ বাঁহী
এটি অতীতৰ কাহিনী
সুদুৰ অভিমুখী নদীৰ বোৱতী ঢলত
এৰি দিলো প্রাণ
লক্ষ্য এটি অন্তহীন প্রবাহমান গতি