মনৰ আশাৰ অনন্ত হেঁপাহ


আকাশত উৰাৰ
প্রেৰণা দিলে
আকাশৰ জিলমিল
সপোনৰ সুন্দৰতাই
পাৰ্থিৱ সুন্দৰতাৰ
সকলো ত্যাগ কৰি
সপোন ৰাজ্যৰ
ৰাজ হংস হৈ
সপোন ৰাজ্যত
বিচৰন কৰি
উন্মাদ আনন্দত কিৰীলি পাৰি
মনৰ আশাৰ অনন্ত হেঁপাহ
পূৰণ কৰি
নিজকে এক সপোন ৰাজ্যত ৰাখি
আত্ম বিভূৰ মই