অনুভূতিৰ সুমধুৰ আলিংগন


সেউজৰ প্ৰতিটো পলত
অনুভূতিৰ সুমধুৰ আলিংগন
মোৰ মন উৰি যায়
এবুকু বোৱতী ঢল লৈ
আপোন সুৰ
বুকুত সাৱতি
এক নুবুজা মায়া জালে
বজায় মধুময় সঙ্গীত
বাজি উঠে মৌনতা খহাই
বাঁহীৰ অপূৰ্ব সঙ্গীত
পূৱতী নিশাৰ
নিয়ঁৰৰ জ্বিলিকনিত
হৃদয় হেৰাই
সুৰৰ মূৰ্চ্ছনাৰ
অবুজন বাঁহীৰ সুৰত
উতলা উন্মাদনাত
মন মোৰ উৰি যায়
নীল আকাশৰ বুকু ভেদি