পোহৰৰ সন্ধানত

মোৰ শৰীৰৰ ছায়া
নিয়ৰৰ টোপাল বোৰ
সূৰুযৰ ৰশ্মিত
দুবৰিৰ বুকুত হেৰাই যোৱাদি
শূণ্যতাৰ আন্ধাৰত
নিৰুদ্দেশ হৈ পৰিল
ভাব সাগৰত ডুব '
মোৰ ৰহস্যময় ৰূপ
মনৰ ভাৱত
শীতলতাৰ স্পৰ্শ
উদ্বাউল মনৰ প্ৰতিধ্বনি
ৰিনিকি ৰিনিকি বাজে
পৰ্বতৰ অতল গহ্বৰত
নিঃস্ব হৃদয়
উচুপী উঠিছিল নিৰৱে
পোৱা নোপোৱাৰ দুমুজাত পৰি
ককবকাই ঢাপলি মেলিছিল
পোহৰৰ সন্ধানত