অযুত সপোন বুকুত লৈ

হাতৰ মুঠিত মোৰ আকাঙ্ক্ষাৰ বীজ
সময় সক্রিয় হাতত প্রজ্ঞাৰ পদুম
বুকুৰ উদ্যানত স্বপ্নৰ আলোক
হৃদয়ত বসন্তৰ কোলাহল
স্মৃতিৰ জোনাকত বিস্তৃত সপোন
শীতল প্রাণৰ উদ্ভাসিত ৰূপ
পবিত্র সংগীত বাজি উঠে প্রাণত
নিৰ্মল নদীৰ শুভ্র ঢৌত
চঞ্চল মনৰ খেলি মেলি গতি
জুইৰ শিখাৰ দৰে জ্বলে
কণ্ঠৰ সংলাপ
হৃদয়ৰ গভীৰতাত
স্পন্দিত সাগৰৰ ঢৌ
কান্ধত তুলি ধানৰ ডাঙৰি
উভটো ঘৰলৈ
অযুত সপোন বুকুত লৈ