জাতীয় অস্তিত্ত বিলুপ্তিৰ পথত

বৈজ্ঞানিক নহওঁ নতুবা কোনো খ্যাতনামা লিখক
তথাপিওঁ বুজি পাওঁ
জাতীয় অস্তিত্ত বিলুপ্তিৰ পথত
অতীতলৈ উভতি চাই
অতীতক বিশ্লেষন কৰি
ঐতিয্য ৰক্ষাৰ সগ্রাম
শেষ সম্বল
কালৰ কুটিল গতিত 
হেৰাই যাব খোজা
আৰু আধুনিকতাৰ দপদপনিয়ে
আমাৰ ঐতিয্যক নি
পেলাইছে অন্ধকূপত 
নীতি নিয়ম আৰু সংস্কাৰ
ধ্বংসৰ মাজলৈ ঠেলি
আধুনিকতাৰ এখন উজ্বল সমাজৰ আশাত
তীব্র গতি জনজীৱনৰ
উদ্দেশ্য বিহীনভাৱে দৌৰি ফুৰিছে দিহিঙে দিপাঙে
গৌৰৱোজ্বল অতীতক 
স্থাপিত কৰাৰ এটি মৃদু প্রয়াস
মোৰ হৃদয়ৰ ।।