অনুভৱৰ ৰহস্যময় অস্তিত্ব

সমুদ্রত উঠিছে জোৱাৰ
সূৰ্যৰ উত্তাপ
উজ্জ্বল দীপ্ত তৰংগ
বতাহত যৌৱনৰ
বিজুলীৰ চমক
পেঁপাৰ সুৰত চঞ্চল মন
জোৱাৰ উঠে স্বপ্নৰ
সৃষ্টি বিদ্যুত তৰংগ
ভৰি উঠে মন
অনুভৱৰ ৰহস্যময় অস্তিত্ব
অন্তৰাত্মাত শীতল স্পর্শ
অনুভৱে ললে  
ৰহস্যময় ৰূপ 
অসংখ্য পখিলাৰ সজীৱ উপত্যকা 
জোনাকৰ শুভ্রতাত
উদ্বাউল মনৰ প্রতিধ্বনি
কোমল কন্ঠৰ অনুভৱত 
ৰিণি ৰিণি সুৰ হৃদয়ৰ
প্ৰতিধ্বনিত অপূৰ্ব্ব সঙ্গীত
 আশাৰ নতুন দৃষ্টি  
হৃদয়ত ভৱিষ্যতৰ
এক অপূৰ্ব্ব সঙ্গীত ।।