বুৰঞ্জী

বুৰঞ্জী
এটি অতীতৰ গহ্বৰ 
ছায়াৰে ধকা এন্ধাৰ পৃথিৱী
কুঁৱলীৰ আৰৰ উমি উমি জ্বলি থকা একুৰা জুই
আৰু এটি নাম ইতিহাস
জীৱনৰ এমুঠী সুখ দুখৰ কাহিনীৰ ভৰাল
আন্ধাৰৰ মাজে মাজে শুকুলা পাতৰ বুকুৰ
টি নিজৰা
বিস্মৃতিৰ লুকাভাকুৰ বিবৰন
এটি গতি বোৱতি সুঁতি
এটি সুৰ অতীতৰ
আদিম সভ্যতাৰ কাহিনী
প্ৰতিধ্বন্নি অতীতৰ
উটি ভাঁহি আহে
প্রটিতো পাতৰ ভাজে ভাজে
এটি অনুভৱ
কাল চক্রৰ ।।