আকুলতাৰ চাকনৈয়াত পৰি

অদৃশ্য আকাশী ৰথৰ তিৰবিৰণি
উটি ফুৰে বসন্তৰ উতনুৱা বতাহত
সূৰ্য্যাস্তৰ মোহিনী মায়া
বসন্তৰ ডেউকাই কোবাই 
হেঁপাহৰ ৰঙীন যমুনা বৈ যায় বুকুয়েদি
কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ত
দিক্‌হাৰা হৃদয় 
আকাশৰ নিজম ফুলনিত হাঁহিৰ নাচোন
উপচি পৰিল আকাশত প্রেমৰ এটি স্নিগ্দ্ধ বতাহ
সিচি গ'ল  ৰূপৰ কান্তি
ভৰি পৰিল হৃদয়ত সুৰৰ ৰাগিণী
উন্মাদ চঞ্চল জীৱন
ঘূৰি আছো অনন্ত চকৰিত আত্মানুসন্ধানৰ পথত
নুবুজা ভৰা নদীৰ পাৰত বহি
সজল চাৱনিৰে স্মৃতিয়ে লুকা ভাকু খেলিছে
আকুলতাৰ চাকনৈয়াত পৰি
আশাৰ জুই জ্বলি উঠিছিল দুচকুত
এটি অনুভৱ বৈ গ’ল 
এটি সুঁতি হৈ
সপোনৰ আকাশী গংগাত