এটি অন্তহীন দীঘল হুমুনীয়াহ


স্মৃতিৰ কোঠাত
মেজিটো উমি উমি জ্বলি উঠিল

গীত এটি ভাঁহি আহিল
সুৰীয়া সুবাস এটি লৈ
উপঙি আহিল বতাহত

মোৰ স্মৃতিৰ কোঠাত
সমস্ত ভাবনা
সযতনে বান্ধি ৰাখিছিলো

বহুকাল হ
আজি কিয় লুকাভাকু খেলিছিল মনে

যৌৱনৰ উত্তেজনা নাই
শূণ্যতাৰে ভৰি আছে  বুকু
পাহৰি গলো
তোমাৰ উপস্থিতিৰ কথা

সাঁচতিয়া সপোন হেৰুৱাই
কৰুণ চিঞৰ অপ্রাপ্তিৰ

অশ্রুভৰা নয়নত
তোমাৰ মুখৰ ছবি
কোৱলীয়ে ঢাকি ধৰা দেখিলো

এটি অন্তহীন দীঘল হুমুনীয়াহে
কজলা মেঘৰ দৰে
চানি ধৰিছে মোৰ সমগ্র সত্বাক ।।