সাধাৰন নাৱৰীয়া মই



হেৰাহে অচিনাকি বন্ধু
বুকুৰে কুটুম মোৰ
নেজানো কি গাঠি লগালা তুমি
তোমাৰে মৰমৰ চাৱনিৰ সপোনত
মই উজাগৰে থাকো
নদীৰে পাৰৰে নাৱৰীয়া মই
তুমি আহিছিলা লুইতৰ পাৰলৈ
শুধিছিলা তুমি মোক
লুইতৰ গভীৰতা কিমান
মই সাধাৰন নাৱৰীয়া
নাও বায় যাও বঠা মাৰি মাৰি
নেজানো লুইতৰ ইতিহাস
নেজানো ইয়াৰ গভীৰতা কিমান
অপলক দৃষ্টিৰে তুমি চালা মোলৈ
তেতিয়াহে ভাবিলো গভীৰতানো কি
নিশ্চয় লুইতৰ গভীৰতা নহয়
তোমাৰ চাৱনিৰ গভীৰতাৰ সমান
তুমি কোন অচিনাকি বন্ধু
আহিছিলা নাৱৰ যাত্ৰী হৈ
সেইদিন ধৰি বাট চাই আছো
তোমাক দেখাৰ আশাত
লুইতৰ গভীৰতা কিমান
মইতো নাজানো
কেতিয়াও জোখা নাই
সাধাৰন নাৱৰীয়া মই
বঠা মাৰি মাৰি চলাও নাও
যাত্ৰী কৰো ইপাৰ সিপাৰ
তোমাৰ চাৱনিৰ গভীৰতাই
এতিয়াও আমনি কৰে
তুমি আহিবা বুলি
বঠা মাৰি মাৰি তোমাৰেই কথা ভাৱো
ভাবো মাজে মাজে 
লুইতৰ  গভীৰতা 
নহয় তোমাৰ মৰমৰ চাৱনিৰ
গভীৰতাৰ সমান  |