নৈখনে থৰ লাগি চাই ৰ’ল

নৈৰ দাপোণত মুখ চাই
গা ধুই অহা চাদৰখনি
মেলি দিলে শুকান বালিত

তিতা গামোচাৰ আৰত
জ্বিলিকি থকা উঠন বুকুৰ
উশাহৰ লগে লগে লোৱা
গীতিময় ছন্দৰ গতি

দেহৰ নাচোনৰ তালে তালে
চুলিৰ সৰি পৰা পানীৰ টোপালবোৰত
পোৱাৰ সূৰুযৰ জ্বিলমিলনি

নৈখনে থৰ লাগি চাই ৰ’ল
ইমান ধুনীয়া ৰূপহী দেহৰ
অনুভৱ কিয় নেপালো
মোৰেই বুকুত সাতুৰি-নাদুৰি
ধেমালী কৰি গ’ল
কোন এই সুৰসি গাভৰু

থৰ লাগি থকা নৈখনি
হঠাৎ চমকি উঠিল
সুহুৰিয়াই সুহুৰিয়াই 
ললে আকৌ আপোন গতি