বতাহৰ গতিত উত্তাল তৰঙ্গ

বতাহৰ গতিত উত্তাল তৰঙ্গ
ঢৌ উঠে সেউজীয়া  ধাননিত
এটি স্পন্দন এটি অনুভৱ 
এটি আকৰ্ষণ অনামি মোহ
ভৰি পৰে বুকু আলোকিত দীপ্তিৰে 
ক্লান্তিৰ ছায়া আতৰি পলাই
জোনাকৰ কোমলতা
বৈ যায বুকুয়েদি
উপলব্দ্ধি প্ৰাণময় সম্পৰ্কৰ