সুন্দৰৰ আৰাধনা

সুন্দৰৰ আৰাধনাত
ৰই গ’ল  মন
পমি গ’ল হৃদয়
ভাঙিলি দুৰ্বল প্রাণৰ ব্রত
উৰি ফুৰে ৰাগ হৈ
সহস্র শাখা প্রশাখা মেলি
বোৱাই প্ৰীতিৰ সোঁত
প্ৰীতিৰ মোহ
এটি বলিয়া ভোমোৰা
উন্মত্তৰ দৰে ফুৰো ফুলনিত
বেলিটিলৈ চাওঁতে চাওঁতে
নিশা নামিছিল
স্নিগ্দ্ধ প্রেমৰ সোঁত
বহুমুখী হ
উপচি পৰিল মন
সুন্দৰৰ আৰাধনা
মোৰ প্রাণৰ আকাংক্ষা