বুকুত জ্বলে মোৰ অনুভৱ

আজি মোৰ স্বপ্নৰ পাপৰি
সৰি পৰিল এটি এটি কৰি
যেন পলাতকা কৰবী ফুলৰ পাহি
দেহত এতিয়া মোৰ কোলাহল
ছায়াৰ দৰে সপোনৰ কৌতূহল

আকাশত হিংস্ৰ উত্সৱ চলিছে
আকাশে ডাৱৰৰ কাণে কাণে ক'লে
অন্তৰীক্ষৰ অন্ধকাৰৰ কালপুৰুষৰ কথা

বুকুত জ্বলে মোৰ অনুভৱ
প্ৰেমৰ গুণগুণত ভৰি পৰে বুকু
প্ৰগলভ প্ৰেমে পুৰি ছাই কৰি  নিব
জীৱনৰ ঘনিষ্ঠ উত্তাপ