তোমাৰ ৰূপে ঢৌ খেলাই

তুমি মোৰ কল্পনাৰ
মোৰ সপোনৰ অংকুৰন
হেপাহৰ সপোন তুমিয়েই
শেৱালীৰে আবৰা পোৱাবেলা
শৰীৰৰ অংগে অংগে
বৈ যায় এটি গীতৰ সুৰ
সোনালী সপোন উপচি পৰে
অনুভৱ কৰো এটি মাদকতা
শৰীৰত তুলে এটি শিহঁৰণ
স্মৃতিত ভৰি থকা অনুভৱবোৰত
তোমাৰ ৰূপে ঢৌ খেলাই
আশাভৰা বুকুত তোমাৰ পৰশত
সেউজী বননীৰ গছ পাতবোৰে
কাণে কাণে কৈ যায়
সোনালী সপোনৰ কথা
বুকুত গজি উঠা
নতুন আশাবোৰে
সেউজীয়া ৰূপ লৈ
মোৰ মনত ভৰি পৰে
তোমাৰ  প্রাণৰ কথা
বতাহ চাতিয়েও যেন
আনন্দত সুঁহুৰি মাৰি
কৈ যায় তোমাৰ কথা  ।।