তোমাৰ মৰমৰ পৰশত
মন নাচে
এটি যেন ভূমুৰা
এটি যেন ভূমুৰা
বৰ ৰসাল এই আশা
জী উঠে নতুন প্ৰেৰণা হৈ
সৃষ্টি হয় মোৰ মন পথাৰত
এটি মৌন কোলাহল
তুলপাৰ কৰে মন সাগৰত
হৃদয় হৈ পৰে অস্থিৰ
ঢৌ উঠে বুকুত
পখিলা উৰাদি উৰিবৰ মন যায়
জুৰিটিৰ পানীৰ শীতলতাৰ অনুভৱ বুকুত লৈ
অকলে আছো মই
জীয়া মায়াৰ বান্ধ ভাঙি সৃষ্টিৰ প্ৰতিধ্বনি বতাহত তুলি
বুকুৰ ক্ৰন্দন আতৰাই ৰৈ আছো অকলসৰে
মলয়া চাতিয়ে বুকু ভৰাই
সজায় ফুলেৰে মোৰ হৃদয়ৰ শৰাই