এটি প্ৰীতিৰ সোঁত

চাওঁতে চাওঁতে উপচি পৰিল
এটি প্ৰীতিৰ সোঁত
ফুলালেহি এটি সপোন নিৰলে নিজানে
নীল আকাশ আৰু শুকুলা ডাৱৰ
গুণ মুগ্ধ ৰূপ মুগ্ধ
এক সপোন ৰাজ্য
আকাশৰ জিলমিল
এটি নিজান দুপৰীয়া গছৰ ছায়াত
দূৰণিত শুনো এক গুনগুননী
জ্বলিছিল বুকুত এটি নীলা সপোন
নিগৰি নিগৰি  কোমল বুকু
ভৰি পৰিল মোৰ আকুল হিয়া
মোৰ শুভ্র প্রেমৰ নিজৰা