এক অপূৰ্ব সংগীত

শুনি আছো প্রতিধ্বনি নিঃশব্দে
উক দিলে হৃদয়ত সোণোৱালী সৃষ্টিৰ
আত্মাটি উৰি যায়
দেখি থিৰ হৈ ৰওঁ
সুৰৰ অব্যক্ত ৰাগ
বিৰিঙি উঠিল ৰক্তিম উজ্জ্বলতা
অপূৰ্ব্ব সঙ্গীত পোহৰৰ
বিৱপি পৰিছে আকাশে বতাহে
লৈ নিঃশব্দ  চৰাইজাকৰ গতি
ফুটাব নোৱাৰা এটি ভাৱে
হৰিছিল প্রাণ
মিচিকিয়া হাঁহি ফুলপাঁহিৰ
উপচাই পোহৰৰ ধল
মতলীয়া আজি ফুল কুঁৱৰী
ক’ত আছে এনে অপূৰ্ব সংগীত
বাঁহী বাজে হৃদয়ত
আত্মাটি উৰি যায়
দেখি থিৰ হৈ ৰওঁ