ধুমুহা তই নাহিবি নাহিবি

ধুমুহা তই নাহিবি নাহিবি
মোৰ দুখৰে পজাটি  নিনিবি উৰুয়াই
আইৰে দিনৰে পজাটি মোৰ
হেঁপাহৰ পজাটিত ৰাখিছো সাঁচি 
ধুমুহা তই নাহিবি নাহিবি
মোৰে সপোনৰে পজাটি নিনিবি উৰুয়াই
যোৱাবেলি বিহুতে বহু আশাৰে
আইৰে আশাৰ সপোনৰ ৰূপহী বোৱাৰী চিনি থৈছো মই
সপোনৰ সংসাৰ পাতিম বুলি
সেয়ে ধুমুহা তই নাহিবি নাহিবি
এইবেলি বিহুতে তাইক আনিম বুলি কথা দি ৰাখিছো
ধুমুহা তই নাহিবি নাহিবি
মোৰ দুখৰে পজাটি নিনিবি নিনিবি উৰুয়াই