আশা এটি নতুন সুৰূযৰ

স্থিৰ হৈ লক্ষ্য কৰিছো
স্মৃতিৰ ধূলিময় পেৰাত উকি মাৰি
আশা এটি আবিষ্কাৰ জ্যোতিৰ জ্বিলিকনি
এটি অনুভূতিৰ আলিংগন
এক নুবুজা সুৰৰ মূৰ্চ্ছনা
অবুজন বাঁহীৰ সুৰত
নৈ:শব্দ ধ্বনিত বাজি উঠে প্রাণত
এটি স্পন্দন কঁপনিৰ
পাৰ ভাঙি নামি আহে
মোৰ অস্তিত্ব
আশ্রয় আছিল দিগন্তৰ সীমা
অতীতৰ হেৰাই যোৱা আশা
দুটি চকুৰ নিৰৱ ভাষা
দি গল এটি উষ্ণ আমেজ
বুৰ গল গধূলীৰ বেলি
আশা এটি নতুন সুৰূযৰ
পুৱাৰ সোনালী আভা